Show/Hide Keyboard Layout

ৰ’দালি এ ৰ’দ দে

- বিষ্ণুপ্ৰসাদ ৰাভা

ৰ’দালি এ ৰ’দ দে ৰ’দ দে

সোণৰ ৰেণু চতিয়াই দে

ৰ’দালি এ ৰ’দ দে ৰ’দ দে

সোণৰ ৰেণু চতিয়াই দে

 

নানা ফুলে তুলি আঁজলি আঁজলি

ভৰাই সপোনৰ থালকে

ৰ’দালি এ ৰ’দ দে ৰ’দ দে

সোণৰ ৰেণু চতিয়াই দে

 

আলি কাটি জালি দিম

বৰপীৰা পাৰি দিম

তাতে বহি বহি ৰ’দ দে

 

নানা বৰণীয়া তোৰে বৰ চ’ৰাতে

বহি বহি ধৰণী সোণৰ কৰি দে

ৰ’দালি এ ৰ’দ দে ৰ’দ দে

সোণৰ ৰেণু চতিয়াই দে

 

ৰ’দালি এ ধুনীয়াকৈ সাতো ঘোঁৰাৰ

ৰথখনি মেলি দে

ৰ’দালি এ ধুনীয়াকৈ সাতো ঘোঁৰাৰ

ৰথখনি মেলি দে

সেই ৰথৰ পৰা

হাঁহি ফুলৰ পাহি আমাৰ

শিৰত পেলাই দে

সেই ৰথৰ পৰা

হাঁহি ফুলৰ পাহি আমাৰ

শিৰত পেলাই দে

 

ৰ’দালি এ ৰ’দ দে ৰ’দ দে

সোণৰ ৰেণু চতিয়াই দে

নানা ফুলে তুলি আঁজলি আঁজলি

ভৰাই সপোনৰ থালকে

ৰ’দালি এ ৰ’দ দে ৰ’দ দে

সোণৰ ৰেণু চতিয়াই দে ।।

Hits: 1631